Top Songs By Dikshu
Credits
PERFORMING ARTISTS
Dikshu
Lead Vocals
COMPOSITION & LYRICS
Dikshu
Composer
Ibson Lal Baruah
Lyrics
Lyrics
দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
কলং কামেং দৈয়াঙে
একেই মিঠা হাঁহিৰে
আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
হেজাৰ মুখৰ মাজতে
একেই মিঠা হাঁহিৰে
দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
কলং কামেং দৈয়াঙে
একেই মিঠা হাঁহিৰে
আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
হেজাৰ মুখৰ মাজতে
একেই মিঠা হাঁহিৰে
তুমি কাৰ্বি নে তিৱা
তুমি দেউৰী নে ৰাভা
তুমি কোচ নে ডিমাচা
অ' ...
যেনি যাওঁ দিয়াহি ধৰা
চিনি পাওঁ দুৰৈৰ পৰা
হাঁহি মুকুতা সৰা
অ' .
দিহিঙে দিচাঙে দিবাঙে
হেই ই
আলেঙে আলেঙে আলেঙে
অ' চিকুণাই চিকুণাই চাহকে চেকিলো
চেকনিয়ে চিগিলে চুকত
অ' চিকুণাও চিকুণাও চেহাবি চেহেৰা
চিকৰাই চিকোতে ছালত
অ' চিকুণাই চিকুণাই চাহকে চেকিলো
চেকনিয়ে চিগিলে চুকত
অ' চিকুণাও চিকুণাও চেহাবি চেহেৰা
চিকৰাই চিকোতে ছালত
ইখন গাঁৱৰ সীমাতে
সিখন ডাঙৰ জিলাতে
জনজাতি সংস্কৃতি
মনেই ভৰি যায়
চহৰ নগৰ ঘূৰোতে
মানুহ জাকৰ ভিৰতে
একেই সৰল হাঁহিটিয়ে
দোলা দি যায়
কিজানি তাই আমনি পায়
ভয়েই লাগি যায়
কিজানি তাই আতৰি যায়
ভয়েই লাগি যায়
তুমি খামটি নে বড়ো
তুমি চিংফৌ নে গাৰো
তুমি মেচ নে কঁচাৰী
অ' .
যেনি যাওঁ দিয়াহি ধৰা
চিনি পাওঁ দুৰৈৰ পৰা
হাঁহি মুকুতা সৰা
অ' ...
দিহিঙে দিচাঙে দিবাঙে
হেই ই
আলেঙে আলেঙে আলেঙে
আপোন কৰি ল'বলৈ
দাপোন সাজি থবলৈ
তোমাৰ নামৰ বিপৰীতে
উপাধি লগাই
তোমাৰ জাতৰ নহ'লেও
তোমাৰ ভাষা নক'লেও
অসম দেশৰ ল'ৰা বুলি
ল'বা নে চপাই
সমাজে হায় কিয় সদাই
পৃথক কৰি যায়
পৰিধি নাই অৱধি নাই
প্ৰেমৰ নদী তাই
তুমি সোণোৱাল নে মিচিং
তুমি ফাঁকিয়াল নে হাজং
নে তুমি জয়ন্তীয়া
অ' ...
যেনি যাওঁ দিয়াহি ধৰা
চিনি পাওঁ দুৰৈৰ পৰা
হাঁহি মুকুতা সৰা
অ' ...
দিহিঙে দিচাঙে দিবাঙে
হেই ই
আলেঙ আলেঙ আলেঙে
দিহিঙে দিচাঙে দিবাঙে
আলেঙ আলেঙ আলেঙে
দিহিঙে দিচাঙে দিবাঙে
আলেঙ আলেঙ আলেঙে.
Writer(s): Ibson Lal Baruah
Lyrics powered by www.musixmatch.com