Lyrics
ফাগুনৰ নিবিড় পছোৱা
তোমালৈ ৰঙা ৰং নামি অহা
সৰাপাতৰ অতীত সোঁৱৰি
সময়ৰ দুবৰিত খোজ দিলো দুহাত মেলি
দূৰৈৰ পাহাৰৰ চূড়াত
অবুজ অলেখ বাসনাত
মন নাচে সীমনাত
ক্লান্ত হৃদয়ৰ যাতনাত
(তোমাৰ উমাল পৰশত বিলীন হোৱা
গোপনে অনুৰণন হৃদয়ৰ মৌন ভাষা)2
ভালপোৱাৰ ৰং সানিলা তুমি
জীয়া মোৰ প্ৰাণ উশাহ হলা আজি
নিয়ৰ সেমেকা মোৰ মনৰ চোতালত
শৰতৰ শেষৰ শেৱালী তুমি।
স্নিগ্ধ এটি জোনাক
এপাহ কপৌৰ কোলাত
দুবাহুত শান্তি তোমাৰ
মধুৰ ৰাগত মাতাল
(তোমাৰ উমাল পৰশত বিলীন হোৱা
গোপনে অনুৰণন হৃদয়ৰ মৌন ভাষা)2
হৃদয় জোৰা তোমাৰ প্ৰতি
আছে মৰম অজস্ৰ
আকাশৰ দৰে মনৰ
নহয় মৰম বিলুপ্ত।
Written by: Pinkal Pratyush, Sagar Baruah